তৃণমূল কংগ্ৰেছ হেৰুৱাব মমতা বেনাৰ্জীয়ে, প্ৰতীকো হ’ব জব্দ

0
472759924_1150594263102965_6797841889867437113_n

কলকাতাঃ নিৰ্বাচনত পৰাজয়ৰ পিছতে চৰকাৰ, সাংসদ, বিধায়ক সকলোৱে সংগ ত্যাগ কৰিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ৷ এতিয়া দল আৰু দলৰ চিহ্ন নিজৰ হাতৰ পৰা যাও যাও অৱস্থা৷ মমতা বেনাৰ্জীৰ দল তৃণমূল কংগ্ৰেছৰ দলীয় প্ৰতীক ঘাঁহ ফুল জব্দ হ’ব পাৰে আৰু দল মমতাৰ হতাৰ পৰা যাব পাৰে৷ কিয়নো বিগত নিৰ্বাচনত যিকেইজন বিধায়ক জয়ী হৈছিল তাৰে ৬৫গৰাকী বিধায়কে মমতা বেনাৰ্জীৰ সংগ ত্যাগ কৰি তেওঁলোক প্ৰকৃত তৃণমূল কংগ্ৰেছ বুলি দাবী কৰে৷ ৬৫গৰাকী বিধায়কে নিৰ্বাচনী আয়োগৰ কাষ চাপে৷ ফলত তৃণমূল কংগ্ৰেছৰ দলীয় পৰিচয় আৰু নিৰ্বাচনী প্ৰতীকৰ অধিকাৰক লৈ দুয়ো পক্ষৰ মাজত মতভেদ তীব্ৰ হৈ উঠিছে। এটা পক্ষৰ নেতৃত্বত আছে দলৰ সভানেত্ৰী তথা পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আনটো পক্ষৰ নেতৃত্বত আছে বিধানসভাৰ বিৰোধী দলপতি ঋতব্ৰত বেনাৰ্জী।

এই মতভেদৰ মাজতে প্ৰাক্তন লোকসভাৰ মহাসচিব পিডিটি আচাৰ্যই বৃহস্পতিবাৰে কয় যে পশ্চিমবংগত আগন্তুক বিধানসভাৰ উপ-নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক ‘ঘাঁহ ফুল’ সাময়িকভাৱে স্থগিত ৰাখিব পাৰে। লগতে দুই পক্ষকে পৃথক পৃথক নিৰ্বাচনী প্ৰতীক প্ৰদান কৰাৰো সম্ভাৱনা আছে বুলি তেওঁ কয়। উল্লেখ্য যে পশ্চিমবংগৰ দুটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে দুই পক্ষই নিজৰ নিজৰ প্ৰাৰ্থী আগবঢ়াইছে। নন্দীগ্ৰাম সমষ্টিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে বিধায়ক পদত্যাগ কৰাৰ পাছত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছে। তেওঁ দুটা সমষ্টিৰ পৰা জয়লাভ কৰাৰ পাছত নন্দীগ্ৰামৰ আসনখন ত্যাগ কৰিছিল। আনহাতে, ৰেজিনগৰ সমষ্টিত হুমায়ুন কবীৰে বিধায়ক পদ ত্যাগ কৰাৰ ফলত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। দুয়োটা সমষ্টিতে অহা ৬ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। উপ-নিৰ্বাচন সমাগত আৰু নিৰ্বাচন আয়োগে এতিয়াও বিষয়টোত চূড়ান্ত সিদ্ধান্ত নিদিয়াৰ ফলত দুয়োটা পক্ষ কোনটো দলীয় পৰিচয় আৰু কোনটো নিৰ্বাচনী প্ৰতীকৰ অধীনত নিৰ্বাচনত অৱতীৰ্ণ হ’ব, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

যোৱা সপ্তাহত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰিছিল। দুয়োটা পক্ষই প্ৰায় দুমাহ পূৰ্বে নিৰ্বাচন আয়োগৰ কাষ চাপিছিল। শুনানিৰ পাছত আয়োগে দুয়োটা পক্ষকে নিজৰ নিজৰ দাবীৰ সমৰ্থনত নতুন নথি দাখিল কৰিবলৈ কৈছিল। সেই অনুসৰি দুয়োটা পক্ষই নথি দাখিল কৰিছে। বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ ফলাফল আশানুৰূপ নোহোৱাৰ পাছতে দলটোৰ ভিতৰৰ মতভেদ ৰাজহুৱা হৈ পৰে। বিজেপিৰ হাতত দলটোৰ পৰাজয়ৰ পাছৰে পৰা ঋতব্ৰত বেনাৰ্জীয়ে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক সমালোচনা কৰি আহিছে। দলটোৰ পৰাজয়ৰ বাবে তেওঁলোকক দায়ী বুলিও তেওঁ অভিযোগ কৰিছে।

তৃণমূল কংগ্ৰেছৰ দুই পক্ষৰ মাজত চলি থকা দলীয় পৰিচয়ৰ অধিকাৰক লৈ মতভেদ সন্দৰ্ভত পিডিটি আচাৰ্যই কয় যে সকলো তথ্য আৰু নথি পৰীক্ষা কৰাৰ পাছত নিৰ্বাচন আয়োগে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
তেওঁ কয় যে পশ্চিমবংগৰ দুটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এতিয়াও চূড়ান্ত সিদ্ধান্ত ঘোষণা নকৰা অৱস্থাত দুটা সম্ভাৱনা আছে। এটা সম্ভাৱনা অনুসৰি, মমতা বেনাৰ্জীৰ নেতৃত্বাধীন পক্ষক মূল দলীয় নিৰ্বাচনী প্ৰতীকৰ অধীনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অনুমতি দি ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন পক্ষক পৃথক নিৰ্বাচনী প্ৰতীক প্ৰদান কৰিব পাৰে আয়োগে। আনহাতে, নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছৰ বৰ্তমানৰ নিৰ্বাচনী প্ৰতীকটো সাময়িকভাৱে স্থগিত ৰাখি দুই পক্ষকে পৃথক পৃথক নিৰ্বাচনী প্ৰতীক প্ৰদান কৰাৰো সম্ভাৱনা আছে। আচাৰ্যই কয়, “নিৰ্বাচনী প্ৰতীক অবিহনে কোনো পক্ষই নিৰ্বাচনত অৱতীৰ্ণ হ’ব নোৱাৰে। সেয়ে এটা নিৰ্বাচনী প্ৰতীক প্ৰদান কৰিবই লাগিব।”

ইফালে, নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি, বিষয়টোৰ শুনানিৰ বাবে দুয়োটা পক্ষকে আজি আয়োগৰ মুখ্য কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে। প্ৰথমে ঋতব্ৰত বেনাৰ্জীৰ নেতৃত্বাধীন পক্ষই নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠৰ সন্মুখত নিজৰ বক্তব্য দাঙি ধৰিব। ইয়াৰ পাছত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন পক্ষই নিজৰ বক্তব্য আগবঢ়াব। দুয়োটা পক্ষৰ বক্তব্য আৰু দাখিল কৰা নথি পৰীক্ষা কৰাৰ পাছত নিৰ্বাচন আয়োগে বিষয়টোত নিৰ্দেশ জাৰি কৰিব পাৰে বুলি সূত্ৰটোৱে জানিবলৈ দিছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed