মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালে চমজি ল’ব আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ৰামানুজৰ শৰীৰ
গুৱাহাটীঃ আৰক্ষীৰ জিম্মাত থকাৰ সময়ত পত্নী হত্যাকাৰী ৰামানুজ গোস্বামীৰ মৃত্যুৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিৰোধী দলসমূহে এই কাণ্ডক তীব্ৰ বিৰোধ কৰাৰ লগতে সামাজিক মাধ্যমত একাংশ লোকে আৰক্ষীৰ জিম্মাত থকাৰ সময়তে ৰামানুজৰ মৃত্যু হোৱা কাৰ্যক সমৰ্থন কৰিছে৷ ৰামানুজৰ দৰে লোকৰ শাস্তি এনেকুৱাই হ’ব লাগে বুলি কয়৷ পত্নী ৰিয়া তালুকদাৰক নৃশংস ভাবে হত্যা কৰা ৰামানুজক ১৪ ছেপ্টেম্বৰৰ পুৱতি নিশা চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নি আছিল৷ তেনে সময়তে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত পাহাৰৰ পৰা পৰি গুৰুতৰভাৱে আহত হোত গোস্বামীৰ মৃত্যু হয় বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা যায়।
৩০ ঘণ্টাৰ অন্তত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। বৰ্তমান গোস্বামীৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৰখা হৈছে। মৰণোত্তৰ পৰীক্ষা আৰু অন্যান্য আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত মৃতদেহটো পৰিয়ালৰ লোকক আজিয়েই গতাই দিয়াৰ সম্ভাৱনা আছে। ইতিমধ্যে তেওঁৰ পৰিয়ালৰ লোকসকল মৃতদেহ গ্ৰহণৰ বাবে গুৱাহাটীলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে। গোস্বামীৰ অন্ত্যেষ্টিক্ৰিয়া ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত তেওঁৰ পৈতৃক বাসগৃহত সম্পন্ন কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে ৰিয়া তালুকদাৰক হত্যাৰ গোচৰত অভিযুক্ত গোস্বামী আৰক্ষীৰ জিম্মাত আছিল। হত্যাীৰ কথা স্বীকাৰো কৰিছিল৷ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত তেওঁ স্বাস্থ্যজনিত সমস্যা হোৱাত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল। জানিব পৰা মতে, গোস্বামীক কঢ়িয়াই নিয়া আৰক্ষীৰ বাহনখন নৰকাসুৰ পাহাৰৰ টিভি টাৱাৰৰ সমীপত এটা চকা পাংচাৰ হয়। বাহনখন ৰৈ থকা অৱস্থাত গোস্বামীয়ে কৰ্তব্যৰত এজন আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
অভিযোগ অনুসৰি, অন্ধকাৰৰ মাজত পলায়নৰ চেষ্টা কৰাৰ সময়ত তেওঁ পাহাৰৰ পৰা তলত পৰি গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক গুৱাহাটী চিকিসা মহাবিদ্যালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
ইফালে, আৰক্ষীৰ জিম্মাত গোস্বামীৰ মৃত্যুৰ সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত আছে। তেওঁৰ পলায়নৰ চেষ্টা, আৰক্ষীৰ বাহনৰ পৰা ওলাই যোৱা আৰু পাহাৰৰ পৰা পৰি যোৱাৰ পৰিস্থিতিকে ধৰি ঘটনাটোৰ ক্ৰম পৰীক্ষা কৰি থকা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
