বৰবিহ ড্ৰাগছৰ কৱলত অসম, ৰাজ্যজুৰি আছুৰ ড্ৰাগছ বিৰোধী সজাগতা সমদল

0
810659417_1559774709525315_8039772611410890102_n

গুৱাহাটীঃ বৰবিহ ড্ৰাগছৰ কৱলত সমগ্ৰ অসম৷ নিতৌ সংঘটিত হৈ অহা ঘটনাসমূহে এই কথা প্ৰমাণ কৰি আহিছে৷ শেহতীয়াকৈ যোৰহাটত এগৰাকী যুৱতীয়ে অত্যাধিক ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যুমুখত পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ গুৱাহাটীত সংঘটিত ৰিয়া তালুকদাৰ হত্যাকাণ্ডটো ড্ৰাগছ জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছিল৷ স্বামী ৰামানুজে অত্যাধিক ড্ৰাগছ সেৱন কৰি ৰিয়া তালুকদাৰক হত্যা কৰাৰ সন্দেহ কৰা হৈছে৷ নিতৌ এতিয়া ড্ৰাগছ আসক্তৰ দ্বাৰা কিছু অনাকাংক্ষিত ঘটনা সংঘটিত হৈ অহাত সমাজ ব্যৱস্থা কোনদিশে গতি কৰিছে তাক লৈ চিন্তিত সমাজপ্ৰিয় লোকসকল৷

কিন্তু মৰাত্মক ড্ৰাগছৰ সৰবৰাহ ৰোধৰ দাবীে চৰকাৰে যেনেদৰে হেঁচা দি প্ৰতিবাদ কৰিব লাগিছিল তেনেদৰে প্ৰতিবাদ কৰা দেখা নাযায় জাতীয় সংগঠনক৷ এই ক্ষেত্ৰত যেন জাতীয় সংগঠনৰ কৰণীয় একোকে নাই৷
বিগত এটা দশক ধৰি ড্ৰাগছে ৰাজ্যখনৰ যুৱ প্ৰজন্মক বৃহৎ ক্ষতি কৰিলে৷ কিন্তু চৰকাৰী ব্যৱস্থা আৰু সামাজিক সংস্থাসমূহে যেনেদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল তেনেদৰে গুৰুত্ব দিয়া নাই৷ তাৰ মাজতে বহু পলমকৈ ড্ৰাগছ সৰবৰাহ ৰোধ কৰাৰ দাবীত আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে৷

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সকলো জিলা ছাত্ৰ সন্থাই ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী সজাগতা সমদল উলিয়াই প্ৰতিবাদ জনায়৷ আছু নেতৃত্বই কয় যে সমগ্ৰ অসমতে ড্ৰাগছে এক মহামাৰীৰ ৰূপ লৈছে। অসমক ড্ৰাগছমুক্ত কৰিবলৈ সকলোৰে সামূহিক প্রচেষ্টাৰ অতিকৈ প্ৰয়োজন। ড্ৰাগছমুক্ত অসম সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম লক্ষ্য। চৰকাৰ, প্ৰশাসনলৈ স্পষ্ট দাবী- ড্ৰাগছৰ সৰবৰাহকাৰী আৰু ড্ৰাগছ বেপাৰীক পুলিয়ে পোখাই উৎখাত কৰি কঠোৰতম শাস্তি প্ৰদান কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed