বিগত চাৰি বছৰত ১১১ সাংসদ-বিধায়কে দল সলনি কৰিছে
এছোচিয়েচন ফৰ ডিম’ক্ৰেটিক ৰিফৰ্মছ আৰু নেশ্বনেল ইলেকশ্বন ৱাটছৰ এক বিশ্লেষণ অনুসৰি ২০২২ চনৰ পৰা ২০২৬ চনলৈ সংসদ বা ৰাজ্যিক বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰায় ১১১ গৰাকী সাংসদ আৰু বিধায়কে দল সলনি কৰিছে। ইয়াৰ ভিতৰত নাগালেণ্ড আৰু পশ্চিমবংগত এনেধৰণৰ দল সলনিৰ ঘটনা আটাইতকৈ বেছি দেখা গৈছে। এই সময়ছোৱাত অনুষ্ঠিত হোৱা মূল নিৰ্বাচন আৰু উপ-নিৰ্বাচনসমূহ সামৰি লোৱা এই বিশ্লেষণত দেখা গৈছে যে ২৬ গৰাকী লোকসভাৰ সদস্য, ৭ গৰাকী ৰাজ্যসভাৰ সদস্য আৰু ৭৮ গৰাকী বিধায়কে দল সলনি কৰিছে।
এডিআৰৰ মতে, দল সলনিত ব্যক্তিগত দল-ত্যাগ, দল বিলীন, পদত্যাগৰ পাছত উপ-নিৰ্বাচনত জয়লাভ কৰা আৰু অযোগ্য ঘোষিত হোৱাৰ পাছত উপ-নিৰ্বাচনত পুনৰ আসন লাভ কৰা ঘটনা অন্তৰ্ভুক্ত হৈ আছে। নাগালেণ্ডত এনে ঘটনাৰ সংখ্যা আটাইতকৈ বেছি মুঠ ৩২ টা,৷ ৩২টা দল সলনি আটাইকেইটা বিধায়কৰ। ইয়াৰ বেছিভাগ ঘটনাই শাসকীয় নেশ্বনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টী আৰু নগা পিপলছ ফ্ৰণ্টৰ মাজত হোৱা ৰাজনৈতিক পুনৰ্বিন্যাসৰ সৈতে জড়িত আছিল। এডিআৰৰ বিশ্লেষণত এনপিএফে আটাইতকৈ বেছি জনপ্ৰতিনিধিক নিজৰ দলত লাভ কৰা দেখা গৈছে। সামগ্ৰিকভাৱে, দল সলনি কৰাসকলৰ ভিতৰত ২৫ গৰাকী বিধায়ক মূলতঃ এনডিপিপৰ পৰা নিৰ্বাচিত হৈছিল৷
আনহাতে ৩২ গৰাকী জনপ্ৰতিনিধিয়ে এনপিএফত যোগদান কৰে। পশ্চিমবংগত ২০টা এনে ঘটনা নথিভুক্ত হৈছে৷ আটাইকেইটা দল-সলনি সংসদ সদস্যসকলৰ সৈতে জড়িত। বিশ্লেষণ অনুসৰি এই ২০ গৰাকী প্ৰাৰ্থীয়েই মূলতঃ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ টিকটত নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী সময়ত নেশ্বনেলিষ্ট চিটিজেনছ পাৰ্টী অৱ ইণ্ডিয়ালৈ স্থানান্তৰিত হয়। এই সাংসদসকলে এনচিপিআইৰ সৈতে বিলীন হোৱা বুলি দাবী কৰিছে আৰু বিষয়টো বৰ্তমান লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ ওচৰত বিচৰাধীন হৈ আছে।
ইয়াৰ পাছতেই ৯ টা ঘটনাৰে তেলংগানা দ্বিতীয় স্থানত আছে৷ আটাইকেইটা দল সলনি কৰিছে বিধায়কে। ৯ গৰাকী বিধায়ক ভাৰত ৰাষ্ট্ৰ সমিতিৰ পৰা নিৰ্বাচিত হৈছিল৷ আনহাতে কংগ্ৰেছে ৰাজ্যখনত এই জনপ্ৰতিনিধিসকলক মুখ্যভাৱে লাভ কৰা দল। গোৱাত ৮টা কংগ্ৰেছৰ বিধায়কে বিজেপিলৈ গমন কৰিছে। একেদৰে পঞ্জাৱতো ৬ গৰাকী ৰাজ্যসভা সদস্য আৰু ২ গৰাকী বিধায়কসহ ৮ দল-সলনি ঘটনা পোহৰলৈ আহে। মহাৰাষ্ট্ৰত ৬ টা৷ শিৱসেনা উদ্ধৱ বালাচাহেব ঠাকৰেৰ পৰা নিৰ্বাচিত লোকসভা সদস্যসকলে পৰৱৰ্তী সময়ত একনাথ শিন্দেৰ নেতৃত্বাধীন শিৱসেনাত যোগদান কৰে।
