নাছাৰ স্পেচ ফ্লাইট চেণ্টাৰত গৱেষণা কৰিব অসমৰ দীপজ্যোতি পাটগিৰি
পাঠশালাঃ নামনি অসমৰ বজালী জিলাৰ পাঠশালাৰ দীপজ্যোতি পাটগিৰিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উল্লেখযোগ্য সুযোগ লাভ কৰিছে। মহাকাশ আৰু পৃথিৱী বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ প্ৰতিষ্ঠান নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত পোষ্টডক্টৰেল গৱেষক হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছে দীপজ্যোতিয়ে।
উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আইআইটি ৰুৰকীত অধ্যয়ন কৰিছিল। তাতেই বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নিজৰ বিশেষজ্ঞতা বিকশিত কৰে। আইআইটি ৰুৰকীত গৱেষণামূলক কাম সম্পন্ন কৰাৰ পাছতে নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত পোষ্টডক্টৰেল গৱেষক হিচাপে যোগদানৰ সুযোগ লাভ কৰে।
জানিব পৰা মতে, অতি সোনকালেই দীপজ্যোতি পাটগিৰিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাত্ৰা কৰি নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰত নিজৰ গৱেষণামূলক কাম আৰম্ভ কৰিব। মহাকাশ আৰু পৃথিৱী বিজ্ঞান সম্পৰ্কীয় গৱেষণাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা এই প্ৰতিষ্ঠানত গৱেষণাৰ সুযোগ লাভ কৰাটো তেওঁৰ শৈক্ষিক আৰু গৱেষণামূলক যাত্ৰাৰ এক উল্লেখযোগ্য সফলতা হিচাপে বিবেচিত হৈছে।
পাঠশালাতে দীপজ্যোতি পাটগিৰিয়ে প্ৰাথমিক আৰু প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ পাটগিৰি আৰু ৰমণী পাটগিৰিৰ পুত্ৰ দীপজ্যোতিয়ে পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰ বাবে আইআইটি ৰুৰকীলৈ যায়। তাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ লগতে গৱেষণাতো জড়িত হৈ পৰে।
দীপজ্যোতিৰ এই সাফল্যত পৰিয়াল, আত্মীয়-স্বজনৰ লগতে পাঠশালা আৰু বজালী অঞ্চলৰ লোকসকলৰ মাজত আনন্দৰ সৃষ্টি হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠানত পোষ্টডক্টৰেল গৱেষণাৰ সুযোগ লাভ কৰা ঘটনাই বিশেষকৈ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে আগ্ৰহী শিক্ষাৰ্থী আৰু যুৱ গৱেষকসকলৰ মাজতো উৎসাহৰ সৃষ্টি কৰিছে।
পাঠশালাৰ পৰা আৰম্ভ হোৱা দীপজ্যোতি পাটগিৰিৰ এই শৈক্ষিক যাত্ৰাই অসমৰ পৰা বিজ্ঞান আৰু মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগবঢ়ি যোৱাৰ এক উজ্জ্বল উদাহৰণ দাঙি ধৰিছে।
