হাইঠা মাটিত পৰিল, অবড়ো বিৰোধী ভূমি নীতি পুনৰীক্ষণ-নিযুক্তিৰ পৰীক্ষা-ফলাফল বাতিলৰ ঘোষণা হাগ্ৰামাৰ
কোকৰাঝাৰঃ পুনৰবাৰ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে বিটিচিৰ অবড়োসকলক ভূমিহীন কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে৷ বিটিচিৰ অবড়োসকলক লক্ষ্য কৰি নতুন ভূমিনীতি প্ৰস্তুত কৰাৰ অভিযোগ উঠিছে৷
হাগ্রামা মহিলাৰীয়ে নতুন ভূমি নীতিৰ জৰিয়তে বড়ো-অবড়োৰ মাজত সংঘাত সৃষ্টি কৰিব খোজাৰো অভিযোগ উঠিছে। নতুন ভূমি মতে, নিজৰ দখলত থকা মাটি নিজৰ নামত নামজাৰি কৰিবলৈ লক্ষ লক্ষ টকা ভৰিব লাগিব অবড়োসকলে৷ এই নীতিৰ কথা ৰাজহুৱা হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ দল-সংগঠনসমূহে আন্দোলনৰ হুংকাৰ প্ৰদান কৰে৷ এই সিদ্ধান্ত বাতিল নকৰিলে বৰ্তমানৰ বিটিচি প্রশাসনৰ বিৰুদ্ধে আন্দোলনৰো হুংকাৰ দিয়াত হাগ্ৰামা মহিলাৰী সাৰ পালে৷ নতুন ভূমি নীতিক লৈ বড়োভূমি উত্তাল হ’বলৈ ধৰাৰ সময়তে আজি বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে ভূমিনীতি পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লয়৷
আজি মহিলাৰীয়ে এই কথা খোদ ঘোষণা কৰে৷ ভূমি নীতি পুনৰীক্ষণ কৰাৰ লগতে পূৰ্বৰ প্ৰশাসনৰ কাৰ্যকালত বিভিন্ন বিভাগত ১,৭০০ৰো অধিক পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষা আৰু ফলাফল বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বুধবাৰে কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি সচিবালয়ৰ এ-ব্লকৰ সন্মিলন কক্ষত অনুষ্ঠিত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ বৈঠকত এই সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়। বৈঠকত বিটিচিৰ প্ৰশাসন আৰু উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।
বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত হাগ্ৰামা মহিলাৰীয়ে কয় যে শেহতীয়াকৈ জাৰি কৰা বিটিচি ভূমি নীতিক লৈ একাংশ জনসাধাৰণ আৰু সামাজিক মাধ্যমত উত্থাপিত বিভিন্ন উদ্বেগৰ বিষয়ে কাৰ্যবাহী পৰিষদৰ বৈঠকত আলোচনা কৰা হয়। তেওঁ কয় যে ভূমি আৰু ৰাজহ বিভাগৰ বিষয়াসকলক নীতিখন বিতংভাৱে পুনৰীক্ষণ কৰাৰ দায়িত্ব দিয়া হৈছে। আনহাতে, বন বিভাগৰ নিযুক্তি সন্দৰ্ভত মহিলাৰীয়ে কয় যে পূৰ্বৰ ইউপিপিএল নেতৃত্বাধীন বিটিচি প্ৰশাসনৰ সময়ত ফৰেষ্টাৰ-১ আৰু ফৰেষ্ট গাৰ্ডৰ ৪১৪টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল। ইয়াৰে ৩৯৪গৰাকী প্ৰাৰ্থীৰ নথি-পত্ৰ পৰীক্ষা সম্পূৰ্ণ কৰা হৈছে আৰু তেওঁলোকৰ সকলো তথ্য-পাতি নিয়মমাফিক পোৱা গৈছে বুলি তেওঁ জানিবলৈ দিয়ে। সফল প্ৰাৰ্থীসকলৰ মাজত শীঘ্ৰেই নিযুক্তি-পত্ৰ বিতৰণ কৰা হ’ব বুলিও বিটিচি প্ৰধানগৰাকীয়ে কয়।
কিন্তু বিটিচিৰ বিভিন্ন বিভাগত ১,৭০০ৰো অধিক পদৰ বাবে পূৰ্বৰ প্ৰশাসনৰ সময়ত অনুষ্ঠিত হোৱা নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মহিলাৰীয়ে কয় যে এই পদসমূহৰ বাবে পূৰ্বৰ প্ৰশাসনৰ কাৰ্যকালত পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। কিন্তু পৰৱৰ্তী সময়ত সাক্ষাৎকাৰ সম্পূৰ্ণ নকৰাকে ধৰি কিছু অনিয়ম ধৰা পৰে। “এই পদসমূহৰ সৈতে জড়িত পৰীক্ষা আৰু ফলাফল বাতিল কৰা হ’ব,” বুলি মহিলাৰীয়ে কয়। তেওঁ লগতে জানিবলৈ দিয়ে যে এই পদসমূহৰ বাবে নতুনকৈ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। নতুনকৈ বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে পুনৰ পৰীক্ষা আৰু সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ’ব।
ইফালে, বৈঠকত উচ্চ শিক্ষাৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বড়োলেণ্ড বিশ্ববিদ্যালয়ত ছটা নতুন বিভাগ মুকলি কৰাৰ বাবে অসম চৰকাৰৰ অনুমোদন বিচাৰি বিটিচি চৰকাৰে প্ৰস্তাৱ দাখিল কৰিছে। প্ৰস্তাৱিত নতুন বিভাগসমূহ হৈছে—শাৰীৰিক শিক্ষা, সমাজতত্ত্ব, ৰেচম পালন, চাৰুকলা আৰু গ্ৰন্থাগাৰ তথা তথ্য বিজ্ঞান। ইয়াৰ উপৰি হিন্দী, বাংলা আৰু নেপালী ভাষাক আধুনিক ভাৰতীয় ভাষা (MIL) বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। উপযুক্ত কৰ্তৃপক্ষই অনুমোদন জনালে এই নতুন বিষয় আৰু বিভাগসমূহ সংযোজনৰ ফলত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ ১৭টা বিভাগৰ সংখ্যা অধিক বৃদ্ধি পাব। ভূমি নীতি, নিযুক্তি প্ৰক্ৰিয়া আৰু উচ্চ শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনাৰ অংশ হিচাপেই কাৰ্যবাহী পৰিষদে এই সিদ্ধান্তসমূহ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।
