জুবিন ক্ষেত্ৰৰ পৰা দূৰত্ব চৰকাৰৰ: শাসকীয় পক্ষৰ অনুপস্থিতিক লৈ বিৰোধীৰ তীব্ৰ আক্ৰমণ

0
818365489_1701678364276128_7548356896392783338_n

‘ঈশ্বৰ পুত্ৰ’ হিচাপে খ্যাত মহীয়ান শিল্পী জুবিন গাৰ্গৰ প্ৰথমটো মৃত্যুবাৰ্ষিকীত সমগ্ৰ অসম আবেগিক হৈ পৰে। ১৯ ছেপ্টেম্বৰৰ এই ঐতিহাসিক দিনটোত সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰাজ্যৰ চুকে-কোণে পৰা ধাৱমান হয় লাখ লাখ অনুৰাগী, যাৰ ফলত ক্ষেত্ৰখন এখন বিশাল জনসমুদ্ৰলৈ ৰূপান্তৰিত হয়। কিন্তু এই অপাৰ জনস্ৰোত আৰু জনসাধাৰণৰ স্বতঃস্ফূৰ্ত আৱেগৰ বিপৰীতে সম্পূৰ্ণ বিপৰীত ছবিদেখা গ’ল ৰাজ্যৰ শাসকীয় পক্ষৰ ক্ষেত্ৰত। লাখ লাখ অনুৰাগী সমৱেত হোৱা এই পবিত্ৰ স্থানডোখৰলৈ ৰাজ্য চৰকাৰৰ কোনো এজনো মন্ত্ৰী, বিধায়ক বা চৰকাৰী প্ৰতিনিধি নাহিল, যাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি তথা সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি হৈছে।

কেৱল ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী-বিধায়কেই নহয়, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু এসময়ৰ জুবিনৰ অতি ঘনিষ্ঠ বন্ধু হিচাপে পৰিচিত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীও জুবিন ক্ষেত্ৰত অনুপস্থিত থাকে। চৰকাৰী দলৰ এনে ধৰণৰ আচৰণক তীব্ৰ ভাষাৰে সমালোচনা কৰি সৰৱ হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ। চৰকাৰৰ এই পদক্ষেপক অত্যন্ত ‘ৰহস্যজনক’ আখ্যা দি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰশ্ন তোলে যে এনে এক আৱেগিক ক্ষণত চৰকাৰী প্ৰতিনিধিসকলে জুবিন ক্ষেত্ৰ এৰাই চলাৰ প্ৰকৃত কাৰণ কি। একেদৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও শাসকীয় পক্ষৰ এই উদাসীনতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ইফালে জুবিন ক্ষেত্ৰলৈ নোযোৱাক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ মাজতে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলীয় কাৰ্যালয়ত উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে স্বেচ্ছাকৃত ৰক্তদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে কয় যে মানুহৰ সেৱা কৰাৰ জুবিনৰ যি মহান আদৰ্শ আছিল, তাক আগুৱাই নিয়াৰ উদ্দেশ্যেৰে তেওঁলোকে এই ৰক্তদান কাৰ্যসূচী ৰূপায়ণ কৰিছে। অৱশ্যে এই দলীয় কাৰ্যসূচী সামৰিয়েই মুখ্যমন্ত্ৰী শৰ্মা পশ্চিমবংগলৈ ৰাওনা হয় আৰু কোচবিহাৰৰ মধুপুৰ সত্ৰত দৰ্শন কৰি সমগ্ৰ দিনটো ৰাজ্যখনৰ বাহিৰতে অতিবাহিত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed