তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, পাঠদান বাতিল
তেজপুৰঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত আজি এগৰাকী ছাত্ৰৰ মৃতদেহ ছাত্ৰাবাসত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাথমিকভাৱে আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। ছাত্ৰগৰাকীক জ্যোতিষ্মান বৰুৱা বুলি চিনাক্ত কৰা হৈছে। তেওঁ বিশ্ববিদ্যালয়ৰ Integrated M.Sc. Chemistry পাঠ্যক্ৰমৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ আছিল। জানিব পৰা মতে, লাচিত ছাত্ৰাবাসৰ নিজৰ কোঠাৰ ভিতৰতে তেওঁৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।
অৱশ্যে ছাত্ৰগৰাকীৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। তেওঁ এনে চৰম সিদ্ধান্ত কিয় গ্ৰহণ কৰিলে, সেই সন্দৰ্ভত তাৎক্ষণিকভাৱে কোনো নিৰ্ভৰযোগ্য তথ্য পোহৰলৈ অহা নাই। সহপাঠীসকলেও তেওঁৰ এনে সিদ্ধান্তৰ আঁৰত কোনো নিৰ্দিষ্ট কাৰণৰ বিষয়ে অৱগত নাছিল বুলি জানিব পৰা গৈছে। জ্যোতিষ্মান বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পৰে। সামাজিক মাধ্যমতো বহু শিক্ষাৰ্থীয়ে তেওঁক এগৰাকী শান্ত, ভদ্ৰ আৰু সদালাপী ব্যক্তি হিচাপে স্মৰণ কৰি শোক প্ৰকাশ কৰে।
ঘটনাটোৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া শ্ৰেণীসমূহ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে, জ্যোতিষ্মান বৰুৱাৰ মৃত্যুৰ পূৰ্বে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু ঘটনাটোৰ আঁৰত কোনো নিৰ্দিষ্ট কাৰণ আছিল নেকি, সেই সন্দৰ্ভত অধিক তথ্যৰ অপেক্ষা কৰা হৈছে। কৰ্তৃপক্ষৰ তদন্তৰ পাছতহে ঘটনাটোৰ সম্পূৰ্ণ কাৰণ স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।
