মেঘালয়ত ‘অপাৰেচন লটাছ’, শীঘ্ৰে বিজেপিত যোগ দিব ইউডিপিৰ ৮ বিধায়ক

0
549819369_1348419497284805_4984905584208592614_n

শ্বিলংঃ এইবাৰ ‘অপাৰেচন লটাছ’ চলিব পাৰে মেঘালয়ত৷ খ্ৰীষ্টান অধ্যূষিত মেঘালয়ত অপাৰেচন লটাছ যোগে বিজেপিয়ে বিধায়ক ক্ৰয় কৰিব পাৰে বুলি ব্যাপক চৰ্চা চলিছে৷ আজিলৈ ৮গৰাকী বিধায়ক জয়ী কৰাব নোৱাৰা মেঘালয়ত বিজেপিয়ে বিধায়ক ক্ৰয় কৰিবলৈ সাজু হোৱা বুলি ব্যাপক চৰ্চা চলিছে৷ মেঘালয়ত প্ৰভাৱশালী নেতা মেহতাব লিংডোৰ দল ইউনাইটেড ডেমক্ৰেটিক পাৰ্টী চমুকৈ ইউডিপিত বৃহৎ খহনীয়া হ’ব পাৰে৷ ইউডিপিৰ ৮ বিধায়কে বিজেপিত যোগদানৰ চৰ্চা চলিছে৷ ৮ বিধায়কে যিকোনো মুহূৰ্তত বিজেপিত যোগদান কৰাৰ আনুষ্ঠানিক ঘোষণা কৰিব পাৰে৷

মেঘালয়ৰ ৰাজনৈতিক মহলত ইউডিপিৰ কেইবাগৰাকী বিধায়কে বিজেপিত যোগদানৰ সম্ভাৱনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। আঠগৰাকী বিধায়ক বিজেপিত যোগদান কৰিব পাৰে বুলি খবৰ প্ৰকাশ পাইছে। অৱশ্যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰিকমেন জি. মমিনে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা নাই। মেঘালয়ত ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টীৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি চলি থকা চৰ্চাক লৈ আজি মুখ খুলিছে মুখ্যমন্ত্ৰী কনৰাড কে. চাংমাই। চাংমাই কয় যে এই সন্দৰ্ভত তেওঁ কোনো নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা নিশ্চিত তথ্য লাভ কৰা নাই। সামাজিক মাধ্যমৰ পোষ্ট, ৰীল আৰু বাতৰিৰ জৰিয়তেহে এই চৰ্চাৰ বিষয়ে জানিব পাৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

সংবাদ মাধ্যমৰ আগত চাংমাই কয় যে ইউডিপি আৰু বিজেপিৰ মাজত সম্ভাব্য ৰাজনৈতিক সমীকৰণক লৈ বিভিন্ন সামাজিক মাধ্যমত পোষ্ট আৰু বাৰ্তা প্ৰচাৰ হৈ আছে। কিন্তু এই মুহূৰ্তলৈকে তেওঁৰ ওচৰত বিষয়টো নিশ্চিত কৰিব পৰা কোনো তথ্য নাই। সেয়ে কেৱল সামাজিক মাধ্যমৰ চৰ্চাৰ ভিত্তিত কোনো মন্তব্য কৰিব নিবিচাৰে বুলি তেওঁ স্পষ্ট কৰে। আনহাতে, নিজৰ দল নেচনেল পিপলছ পাৰ্টীৰ ভিতৰত কোনো বিভাজন বা মতানৈক্য নাই বুলি মুখ্যমন্ত্ৰী চাংমাই স্পষ্ট কৰে। তেওঁৰ মতে, এনপিপি সম্পূৰ্ণৰূপে ঐক্যবদ্ধ আৰু বৰ্তমান দলটোৰ ৩৩গৰাকী বিধায়ক একেলগে আছে।

উপ-মুখ্যমন্ত্ৰী স্নিয়াওভালাং ধাৰে ইতিমধ্যে এই সন্দৰ্ভত স্পষ্টীকৰণ দিয়া বুলি উল্লেখ কৰি চাংমাই কয় যে দলটোৰ বিধায়কসকল একেলগে কাম কৰি আছে। উল্লেখ্য যে ৬০খন আসনৰ মেঘালয় বিধানসভাত এনপিপিৰ ৩৩গৰাকী বিধায়ক আছে। ইউডিপিৰ ১২গৰাকী বিধায়ক আছে আৰু বিজেপিৰ বিধায়কৰ সংখ্যা দুগৰাকী। ইফালে, মেঘালয়ত বিজেপিৰ সম্ভাব্য সাংগঠনিক সম্প্ৰসাৰণ আৰু ইউডিপিৰ বিধায়কসকলৰ সম্ভাব্য দল সলনিক লৈ ৰাজনৈতিক চৰ্চা অব্যাহত আছে। বৰ্তমানলৈকে ইউডিপিৰ বিধায়কসকলৰ বিজেপিত যোগদানৰ বিষয়টো আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed