মণিপুৰত শান্তি স্থাপনত বিফল দ্বৈত ইঞ্জিনৰ চৰকাৰ, কুকি-জো জনগোষ্ঠীৰ দুই মহিলাক হত্যা
দ্বৈত ইঞ্জিনযুক্ত বিজেপি চৰকাৰে মণিপুৰত শান্তি স্থাপনত বাৰে বাৰে বিফল হৈছে৷ তিনি বছৰ ধৰি মণিপুৰ জ্বলি আছে৷ চাৰি শতাধিক লোকৰ প্ৰাণ হানি হৈছে৷ প্ৰায় ৭০ হাজাৰ লোক শিবিৰত থাকিবলৈ বাধ্য হৈছে৷ তথাপিও হিংসা নিৰাময়ত বিফল বিজেপি দলৰ চৰকাৰ। তেনে সময়তে পুনৰবাৰ মণিপুৰৰ তামেংলং জিলাত কুকি-জো জনগোষ্ঠীৰ দুই মহিলাক হত্যা কৰা হৈছে৷ নিহত মহিলা দুগৰাকী হৈছে ৬০ বছৰীয়া চোংগা চিটলহৌ আৰু ৩০ বছৰীয়া কিম্বই ছিংছন বুলি চিনাক্ত কৰা হৈছে। দুয়োগৰাকীয়েই লেইছাং গাঁৱৰ বাসিন্দা। কিম্বই ছিংছনে শেহতীয়াকৈ নাৰ্ছিংৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল। ঘটনাৰ সময়ত তেওঁ পৰিয়ালক কৃষিকাৰ্যত সহায় কৰিবলৈ খেতিপথাৰত আছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে।
মণিপুৰৰ তামেংলং জিলাৰ লেইছাং কুকি গাঁৱত সংঘটিত এক আক্ৰমণত কুকি-জো জনগোষ্ঠীৰ দুই মহিলাৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হৈ থকাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, লেইছাং কুকি গাঁৱৰ বহু লোক নিজৰ কৃষিভূমিত কৰ্মৰত সময়তে এই আক্ৰমণ সংঘটিত হয়। আক্ৰমণৰ সময়ত কেইবাটাও ঘৰ জ্বলাই দিয়া বুলিও জানিব পৰা গৈছে। স্থানীয় সূত্ৰৰ দাবী অনুসৰি, আক্ৰমণকাৰীসকল অস্ত্ৰধাৰী উগ্ৰপন্থী আছিল। আক্ৰমণৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই। ইফালে, আক্ৰমণৰ পাছত খেতিপথাৰলৈ যোৱা আন কেইবাজনো লোকৰ সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে। ইয়াক লৈ অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত তেওঁলোকৰ নিৰাপত্তাক লৈ গভীৰ উদ্বেগৰ সৃষ্টি হৈছে।
উল্লেখ্য যে দুদিন পূৰ্বে ১৩ ছেপ্টেম্বৰত তামেংলং জিলাৰ টলেন আৰু লংপিত পৃথক পৃথক ঘটনাত এক দম্পতীসহ কুকি-জো জনগোষ্ঠীৰ চাৰিজন সাধাৰণ নাগৰিক নিহত হৈছিল। সেই ঘটনাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ সৃষ্টি হৈছিল৷ আক্ৰমণৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছিল। শেহতীয়া আক্ৰমণৰ ঘটনাই তামেংলং জিলাৰ দুৰ্গম আৰু স্পৰ্শকাতৰ অঞ্চলসমূহত বসবাস কৰা সাধাৰণ নাগৰিকসকলৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে। এনে অঞ্চলৰ বহু পৰিয়াল নিৰাপত্তাৰ আশংকাত জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে৷ বৰ্তমানো কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় বাসিন্দাসকলে অঞ্চলটোত অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰাৰ লগতে ঘটনাৰ তদন্তৰ দাবী জনাইছে।
