১৭ ছেপ্টেম্বৰ নে ১৯ ছেপ্টেম্বৰ? সামাজিক মাধ্যমত ‘চাকি জ্বলোৱা’ক লৈ বিতৰ্ক
গুৱাহাটীঃ ছেপ্টেম্বৰ মাহৰ দুটা গুৰুত্বপূৰ্ণ দিনক কেন্দ্ৰ কৰি অসমৰ সামাজিক মাধ্যমত আৰম্ভ হৈছে নতুন বিতৰ্ক। ১৭ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন, আনহাতে ১৯ ছেপ্টেম্বৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী। প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিয়ে দেশবাসীক চাকি জ্বলাবলৈ আহ্বান জনোৱাৰ পাছতে বিষয়টোক লৈ সামাজিক মাধ্যমত বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। বিজেপিৰ আহ্বানৰ বিপৰীতে একাংশ নেটিজেনে ১৭ ছেপ্টেম্বৰত চাকি জ্বলোৱাৰ প্ৰয়োজনীয়তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ শেহতীয়াকৈ অসমত সংঘটিত হোৱা বান পৰিস্থিতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতি তথা ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি একাংশই সামাজিক মাধ্যমত নিজৰ মত প্ৰকাশ কৰিছে। এই বিতৰ্কৰ মাজতে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমে সামাজিক মাধ্যমত লিখিছে— “কোনদিনা চাকি জ্বলিব!! ১৭ ছেপ্টেম্বৰ নে ১৯ ছেপ্টেম্বৰ…?” আনহাতে, সাংবাদিক জিতুল দত্তই সামাজিক মাধ্যমযোগে ১৯ ছেপ্টেম্বৰত বন্তি প্ৰজ্বলনৰ আহ্বান জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ লিখিছে— “১৯ ছেপ্টেম্বৰত সকলোৱে এগচি বন্তি জ্বলাব। আমাৰ বাবে তেওঁৱেই প্ৰধানমন্ত্ৰী, তেওঁৱেই ৰজা। ঈশ্বৰ পুত্ৰ তেওঁ।” লেখিকা জুৰি বৰা বৰগোহাঁইয়েও সামাজিক মাধ্যমত বিষয়টোক লৈ নিজৰ মত প্ৰকাশ কৰিছে। তেওঁ নাগৰিকৰ দায়িত্ব, স্বাধীন চিন্তা আৰু চৰকাৰৰ প্ৰতি জনসাধাৰণৰ দৃষ্টিভংগী সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি লিখিছে যে নাগৰিক ‘মূৰ্খ প্ৰজা’লৈ ৰূপান্তৰিত হ’লে বিভিন্ন ধৰণৰ নিৰ্দেশ পালন কৰিবলৈ আৰম্ভ কৰে। আন এগৰাকী নেটিজেন অংকুৰ প্ৰতীম গগৈয়ে ১৭ ছেপ্টেম্বৰত চাকি নজ্বলোৱাৰ কথা স্পষ্ট কৰি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁৰ মতে, অসমৰ ৰাইজৰ মহাবিপদৰ সময়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতি নথকাৰ বাবে তেওঁ নৰেন্দ্ৰ মোদীক ভগৱান হিচাপে গণ্য নকৰে। তেওঁ ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত বন্তি প্ৰজ্বলোৱাৰ কথা উল্লেখ কৰিছে। একেদৰে সাংবাদিক দেৱানন্দ মেদক মিৰিয়েও নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে চাকি নজ্বলোৱাৰ সিদ্ধান্তৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। তেওঁ নিজৰ পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যকাল আৰু চৰকাৰৰ বিভিন্ন নীতি সন্দৰ্ভতো সমালোচনামূলক মন্তব্য কৰে। মন্টু বৰা নামৰ এগৰাকী নেটিজেনে লিখিছে— “আমি জুবিনৰ দেশৰ মানুহ, ১৯ ছেপ্টেম্বৰতহে চাকি জ্বলাম।”
