অখিল গগৈক অলপ জিৰণি-চিকিৎসাৰ প্ৰয়োজন
অখিল গগৈক অলপ জিৰণি আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে৷ অখিল গগৈয়ে এক অভিযোগৰ উত্তৰ প্ৰদান কৰি আজি এইদৰে কয় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভাপতি মীৰা বৰঠাকুৰে৷ আজি এখন সংবাদমেলত অখিল গগৈয়ে মীৰা বৰঠাকুৰক আক্ৰমণ লক্ষ্য কৰি লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফিক্স ডিপজিট আখ্যা দিছিল৷ কংগ্ৰেছৰ ভিতৰৰ খবৰ মুখ্যমন্ত্ৰীক দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অখিল গগৈয়ে৷
অখিল গগৈৰ এনে অভিযোগৰ পিছতে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে মুখ খোলে৷ বৰঠাকুৰে অখিল গগৈকে জিৰণি আৰু চিকিৎসাৰ প্ৰয়োজন হৈছে বুলি দাবী কৰে৷ তেওঁ কয় যে এনে প্ৰমাণ নথকা তৃতীয় শ্ৰেণীৰ কথা নকবলৈ সকিয়াই দিলোঁ। মই জোলোঙা লৈ ঘুৰি ফুৰাৰ অভ্যাস নাই। অপদস্থ নহ’বলৈ ভৱিষ্যতে সাৱধান কৰি দিলোঁ। মই খং থকা স্বাভিমানী মহিলা। বাৰে ভচহু কথা মই নকও। প্ৰমাণ কি আছে দিবলৈ আহ্বান জনাইছো।
