বিজেপিক সহায় কৰিবলৈ বদৰুদ্দিন আজমল হ’ল নগাঁৱৰ প্ৰাৰ্থী!
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি বিভিন্ন নেতাসকলে এআইইউডিএফ দলে বিজেপিক সহায় কৰিবলৈ পদক্ষেপ ল’ব বুলি আশংকা ব্যক্ত কৰাৰ সময়তে আজি দলটোৱে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰাৰ্থী ঘোষণা কৰে৷ এআইইউডিএফ দলে দলটোৰ সভাপতি বদৰুদ্দিন আজমলক প্ৰাৰ্থী ঘোষণা কৰে৷ প্ৰাৰ্থী ঘোষণাৰ পিছতে আওপকীয়াকৈ বিজেপিক সহায় কৰিবলৈ আজমলে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ কিয়নো সংখ্যালঘূ ভোট বিভাজন হ’লে বিজেপিৰ প্ৰাৰ্থীগৰাকী অনায়াসে জয়ী যে সেয়া খাতাং৷
দলটোৰ সভাপতি আজমল বৰ্তমান বিন্নাকান্দি সমষ্টিৰ বিধায়ক হৈ আছে৷ তাৰ পিছতো নগাঁও লোকসভা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ ৰহস্যৰ সৃষ্টি হৈছে৷ মনোনয়ন-পত্ৰ দাখিলৰ বাবে মাজত মাথো এদিন থকাৰ সময়তে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত নগাঁও সমষ্টিত এতিয়া বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাৰ বাট মুকলি হ’ল৷
ইয়াৰ পূৰ্বে এআইইউডিএফে নগাঁও আসনৰ বাবে ৰেজাউল কৰিম সৰকাৰক প্ৰাৰ্থী কৰাৰ ইংগিত দিছিল। কিন্তু শেষ মুহূৰ্তত দলটোৱে সিদ্ধান্ত সলনি কৰি দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলকে প্ৰাৰ্থিত্ব প্ৰদান কৰে।
আনহাতে, নগাঁও উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে বিজেপিয়ে প্ৰাক্তন আইএএছ দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ পাছত ৮ ছেপ্টেম্বৰত শৰ্মাই বিজেপিত যোগদান কৰিছিল।
ইফালে, কংগ্ৰেছেও নগাঁও লোকসভা আসনৰ বাবে প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। উল্লেখ্য যে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’ব। ভোটগণনা অনুষ্ঠিত হ’ব ৯ অক্টোবৰত। আনহাতে, প্ৰাৰ্থীসকলে মনোনয়ন-পত্ৰ দাখিল কৰাৰ অন্তিম দিন ১৬ ছেপ্টেম্বৰ। ১৯ ছেপ্টেম্বৰলৈকে প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম সময়সীমাৰ পূৰ্বে বিজেপি, কংগ্ৰেছ আৰু এআইইউডিএফে নিজৰ নিজৰ প্ৰাৰ্থী ঘোষণা কৰাৰ ফলত নগাঁও লোকসভা উপ-নিৰ্বাচন ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে।
