নিৰ্বাচনী ব্যয়ত শীৰ্ষত বিজেপিৰ প্ৰাৰ্থী, ‘ষ্টাৰ কেম্পেইনাৰ’ৰ নামত পানীৰ দৰে ধনৰ খৰচ
বিশেষ প্ৰতিবেদন: ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী ব্যয়ৰ শপতনামাসমূহ বিশ্লেষণ কৰি ‘এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ (ADR) আৰু ‘অসম ইলেকচন ৱাটছ’ৰ তৰফৰ পৰা এক বিস্তৃত প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে। ১২৪ গৰাকী নৱনিৰ্বাচিত বিধায়কৰ খৰচৰ তথ্য বিশ্লেষণ কৰা এই প্ৰতিবেদনত শাসকীয় বিজেপি দলৰ নেতাসকলৰ নিৰ্বাচনী ব্যয় আৰু বিলাসী প্ৰচাৰ চলোৱাৰ এক বিশেষ ছবি পোহৰলৈ আহিছে। প্ৰতিবেদনখনত দেখা গৈছে যে নিৰ্ধাৰিত ৪০ লাখ টকাৰ সৰ্বোচ্চ সীমাৰ প্ৰায় কাষ চাপি আটাইতকৈ বেছি ধন খৰচ কৰা শীৰ্ষ বিধায়কসকলৰ ভিতৰত বিজেপিৰ প্ৰাৰ্থীসকলেই সংখ্যাগৰিষ্ঠ স্থান দখল কৰিছে।
১. সৰ্বাধিক ব্যয় কৰা বিধায়কৰ তালিকাত বিজেপিৰ আধিপত্যঃ
প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ ভিতৰতে নিৰ্বাচনত সৰ্বাধিক ধন ব্যয় কৰা শীৰ্ষ বিধায়কগৰাকী হৈছে নাজিৰাৰ বিজেপি বিধায়ক ময়ূৰ বৰগোঁহাই। তেওঁ মুঠ ৩৮,৯২,৭৯০ টকা (সীমাৰ ৯৭%) ব্যয় কৰিছে। দ্বিতীয় স্থানতো আছে লখিমপুৰৰ ঢকুৱাখনা সমষ্টিৰ বিজেপি বিধায়ক নৱ কুমাৰ দলে, যাৰ ব্যয় হৈছে ৩৭,২৮,৭৬৯ টকা (সীমাৰ ৯৩%)।
কেৱল এয়াই নহয়, ৰাজ্যৰ সৰ্বাধিক ব্যয় কৰা শীৰ্ষ ৬ গৰাকী বিধায়কৰ ভিতৰত ৫ গৰাকীয়েই বিজেপি দলৰ। এই তালিকাত স্থান পোৱা অন্য বিজেপি বিধায়সকল হ’ল:
পদ্ম হাজৰিকা (নদুৱাৰ) – ৩৬,২৪,১৮২ টকা (৯১%)
ৰূপালী লাংথাছা (হাফলং) – ৩৬,০৭,৮৯৯ টকা (৯০%)
ডা° ৰণোজ পেগু (ধেমাজি) – ৩৪,২৯,৭৮৩ টকা (৮৬%)
আনহাতে, কংগ্ৰেছৰ বিধায়কসকলৰ ক্ষেত্ৰত ৰেকিবুদ্দিন আহমেদ (চমৰীয়া) আৰু ৱাজেদ আলী চৌধুৰীৰ বাহিৰে সংখ্যাগৰিষ্ঠ বিধায়কেই এই শীৰ্ষ ব্যয়কাৰীৰ তালিকাৰ তলৰ স্থানসমূহতহে আছে।
২. ‘ষ্টাৰ কেম্পেইনাৰ’ৰ নামত বিপুল ব্যয়: কংগ্ৰেছতকৈ বহুগুণে আগত বিজেপিঃ
প্ৰতিবেদনখনৰ আটাইতকৈ লক্ষ্যণীয় দিশটো হ’ল দলৰ ‘ষ্টাৰ কেম্পেইনাৰ’ অৰ্থাৎ তাৰকা প্ৰচাৰকসকলৰ শোভাযাত্ৰা আৰু ৰাজহুৱা সভাৰ নামত হোৱা খৰচ। তথ্য অনুসৰি:
বিজেপি বিধায়কসকলৰ খৰচ: প্ৰতিগৰাকী বিজেপি বিধায়কে ষ্টাৰ কেম্পেইনাৰ থকা সভা-সমাবেশত গড়ে ৬,৪৮,২১৮ টকা (মুঠ ব্যয়ৰ ২৬.৭%) খৰচ কৰিছে।
কংগ্ৰেছ বিধায়কসকলৰ খৰচ: ইয়াৰ বিপৰীতে, কংগ্ৰেছ বিধায়কসকলে ষ্টাৰ কেম্পেইনাৰৰ সভাত গড়ে মাত্ৰ ২,৪৫,০৯৩ টকা (মুঠ ব্যয়ৰ ৮.৬%) ব্যয় কৰিছে।
এই পৰিসংখ্যাই স্পষ্টকৈ দেখুৱাইছে যে কংগ্ৰেছ দলৰ তুলনাত বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰচাৰ চলোৱাৰ বাবে ভিআইপি আৰু তাৰকা প্ৰচাৰকসকলক লৈ বৃহৎ আড়ম্বৰপূৰ্ণ সমাবেশ অনুষ্ঠিত কৰাত প্ৰায় আঢ়ৈ গুণতকৈও অধিক ধন পানীৰ দৰে খৰচ কৰিছে।
৩. প্ৰভাৱশালী মন্ত্ৰী আৰু নেতাসকলৰ ‘অস্বাভাৱিকভাৱে নিম্ন’ ব্যয়: উঠিছে প্ৰশ্ন
প্ৰতিবেদনখনত আৰু এটা গুৰুত্বপূৰ্ণ বৈপৰীত্য দেখা গৈছে। এফালে যিদৰে বিজেপিৰ কেইবাগৰাকীও বিধায়কে ৪০ লাখ টকাৰ সীমাৰ ৯৩%-৯৭% পৰ্যন্ত ব্যয় কৰাটো দেখুৱাইছে, আনফালে আকৌ দলটোৰ বহু কেইগৰাকী অতি প্ৰভাৱশালী নেতা আৰু মন্ত্ৰীয়ে শপতনামাত আচৰ্যকৰভাৱে একেবাৰে নগণ্য নিৰ্বাচনী ব্যয় দাখিল কৰিছে।
ৰাজ্যখনত আটাইতকৈ কম ব্যয় দেখুওৱা ১০ গৰাকী বিধায়কৰ তালিকাত কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতাৰ নাম অন্তৰ্ভুক্ত হৈছে:
পীয়ুষ হাজৰীকা (জাগীৰোড): মাত্ৰ ১০,০৬,১০৭ টকা (নিৰ্ধাৰিত সীমাৰ মাত্ৰ ২৫%)
অশোক সিংহল (ঢেকীয়াজুলি): মাত্ৰ ১৩,০৮,৯৩৪ টকা (৩৩%)
ভাস্কৰ শৰ্মা (মাৰ্ঘেৰিটা): মাত্ৰ ৮,৮১,৫৭৩ টকা (২২%)
বিকন চন্দ্ৰ ডেকা (টংলা): মাত্ৰ ৭,০০,৬৬৪ টকা (১৮%)
সুৰেন ফুকন (ডিগবৈ): মাত্ৰ ১২,১৮,৬৮১ টকা (৩০%)
কিশোৰ নাথ (বৰখলা): মাত্ৰ ১১,২৫,৫০১ টকা (২৮%)
ৰাজনৈতিক বিশ্লেষক আৰু সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে যে নিৰ্বাচনৰ সময়ত ৰাজ্যজুৰি বিশাল সভা, বিশাল বাইক ৰেলী আৰু ধুমধামেৰে প্ৰচাৰ চলোৱা মন্ত্ৰী-বিধায়কসকলে কেনেকৈ মাত্ৰ কেইলাখমান টকাৰ ভিতৰতে নিৰ্বাচন সামৰিলে? এই পৰিসংখ্যা বাস্তৱসন্মত নে কাগজত কম খৰচ দেখুৱাই মূল ব্যয় লুকুওৱাৰ কৌশল, তাক লৈও চৰ্চা আৰম্ভ হৈছে।
৪. দলীয় পুঁজিৰ ওপৰত অতিৰিক্ত নিৰ্ভৰশীলতাঃ
প্ৰতিবেদনৰ তথ্য অনুসৰি, কেইবাগৰাকীও বিজেপি প্ৰাৰ্থীৰ সিংহভাগ ব্যয়ৰ যোগান আহিছে পোনে পোনে দলীয় পুঁজিৰ পৰা। উদাহৰণস্বৰূপে, গুৱাহাটী চেণ্ট্ৰেলৰ বিজয় কুমাৰ গুপ্তাই খৰচ কৰা ৩৩.১৯ লাখ টকাৰ ভিতৰত ৩০.০২ লাখ টকাই দলৰ ফালৰ পৰা দিয়া হৈছিল। ঠিক তেনেদৰে শ্ৰীভূমিৰ কৃষ্ণেন্দু পালে ৩২.০৯ লাখ টকাৰ ভিতৰত ৩১.৭৪ লাখ টকা আৰু কমলপুৰৰ দিগন্ত কলিতাই ২৯.০৪ লাখ টকাৰ ভিতৰত ২৮.৭৯ লাখ টকা দলৰ পুঁজিৰ পৰা ব্যয় কৰিছে। জয়ন্ত মল্ল বৰুৱাৰ ক্ষেত্ৰতো ২৪.৩০ লাখ টকা দলীয় পুঁজিয়ে বহন কৰা বুলি উল্লেখ আছে। এডিআৰৰ এই প্ৰতিবেদনে প্ৰমাণ কৰিছে যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ক্ষমতাত থকা বিজেপিৰ প্ৰাৰ্থীসকলে প্ৰচাৰৰ নামত বিপুল পৰিমাণৰ ধন আৰু তাৰকা প্ৰচাৰকসকলৰ সমাবেশ ব্যৱহাৰ কৰি কংগ্ৰেছৰ তুলনাত ব্যয়ৰ দিশৰ পৰা বৃহৎ প্ৰভাৱ বিস্তাৰৰ চেষ্টা চলাইছিল।