মোবাইল ফোন নিৰ্মাতা কোম্পানীত অচলাৱস্থা, GST ৫ শতাংশলৈ হ্ৰাসৰ আহ্বান

0
images (1)

নতুন দিল্লীঃ ইণ্ডিয়া চেলুলাৰ এণ্ড ইলেক্ট্ৰনিকছ এছ’চিয়েচন চমুকৈ ICEA-এ মোবাইল ফোনৰ ওপৰত আৰোপিত GST ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰক। বিশেষকৈ মেম’ৰী চিপৰ মূল্যবৃদ্ধিৰ ফলত স্মাৰ্টফোনৰ দাম বৃদ্ধি পোৱাত ঘৰুৱা বজাৰত চাহিদাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে বুলি সংগঠনটোৱে উল্লেখ কৰিছে।

দেশত মোবাইল ফোনৰ ঘৰুৱা চাহিদা হ্ৰাস পোৱাৰ মাজতে মোবাইল ফোন উদ্যোগৰ সংগঠন ২ ছেপ্টেম্বৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ প্ৰেৰণ কৰা এখন পত্ৰত ICEA-ই উল্লেখ কৰে যে ভাৰত বৰ্তমান উৎপাদনৰ পৰিমাণৰ হিচাপত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা দেশ। ২০২৫-২৬ বিত্তীয় বৰ্ষত মোবাইল ফোন ভাৰতৰ সৰ্ববৃহৎ ৰপ্তানি সামগ্ৰীলৈ পৰিণত হৈছে বুলিও সংগঠনটোৱে দাবী কৰে।

অৱশ্যে উৎপাদন আৰু ৰপ্তানি বৃদ্ধিৰ তুলনাত দেশৰ ঘৰুৱা চাহিদাই একে গতি লাভ কৰা নাই বুলি ICEA-ই কয়। মোবাইল ফোন ক্ৰয়ৰ হাৰ হ্ৰাস পোৱা, পুৰণি ফোন সলনি কৰাৰ সময়সীমা বৃদ্ধি পোৱা আৰু কম মূল্যৰ স্মাৰ্টফোনৰ বজাৰ চাপৰ সন্মুখীন হোৱাৰ ফলত ঘৰুৱা ব্যৱহাৰ কমিছে।

ICEAৰ অধ্যক্ষ পংকজ মহিন্দ্ৰুৱে বিত্তমন্ত্ৰীলৈ লিখা পত্ৰত কয় যে এই ভাৰসাম্যহীনতাই মোবাইল ফোন উৎপাদন খণ্ডৰ পৰৱৰ্তী পৰ্যায়ৰ বৃদ্ধিত বাধা সৃষ্টি কৰিব পাৰে। সেয়েহে ঘৰুৱা বজাৰত পুনৰ চাহিদা বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন।

তেওঁ কয়, “ICEA-ই চৰকাৰক মোবাইল ফোনৰ GST ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ লগতে মোবাইল ফোনৰ উপাদানসমূহৰ ক্ষেত্ৰতো সংশ্লিষ্ট হাৰত যুক্তিসংগত পৰিৱৰ্তন সাধনৰ আহ্বান জনাইছে।”

সংগঠনটোৰ মতে, GST হ্ৰাস কৰিলে গ্ৰে-মাৰ্কেট আৰু অনানুষ্ঠানিক বিক্ৰেতাসকলে লাভ কৰা মূল্যগত সুবিধা হ্ৰাস পাব। ফলত অধিক ক্ৰয়-বিক্ৰয় অনুমোদিত আৰু কৰ-অনুগত ব্যৱস্থাৰ জৰিয়তে সম্পন্ন হ’ব, যাৰ ফলত আনুষ্ঠানিক কৰভিত্তি সম্প্ৰসাৰিত হোৱাৰ লগতে লেনদেনৰ স্বচ্ছতাও বৃদ্ধি পাব।

ICEA-ই লগতে উল্লেখ কৰে যে ২০২০ চনৰ এপ্ৰিল মাহত মোবাইল ফোনৰ GST ১২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি কৰাৰ ফলত ডিজিটেল সংযোগৰ বাবে অত্যাৱশ্যকীয় এই ডিভাইচটোৰ মূল্যৰ ওপৰত অতিৰিক্ত বোজা পৰিছিল।

সংগঠনটোৰ তথ্য অনুসৰি, বিগত এবছৰত ভাৰতত প্ৰৱেশ পৰ্যায়ৰ স্মাৰ্টফোনৰ মূল্য বিভিন্ন ব্ৰেণ্ডত প্ৰায় ৩৫ৰ পৰা ৪৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। আনহাতে, ১০,০০০ টকাৰ তলৰ মূল্যৰ স্মাৰ্টফোনৰ যোগানো তীব্ৰভাৱে হ্ৰাস পাই বৰ্তমান মুঠ বজাৰৰ ৫ শতাংশতকৈও কম হৈছে।

মোবাইল ফোনৰ মেম’ৰী চিপৰ মূল্য বৃদ্ধিক লৈও ICEA-ই উদ্বেগ প্ৰকাশ কৰিছে। সংগঠনটোৰ মতে, উদ্যোগৰ তথ্য অনুসৰি ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা মোবাইল ফোনত ব্যৱহৃত DRAM আৰু NAND Flash মেম’ৰী চিপৰ মূল্য প্ৰায় চাৰিগুণ বৃদ্ধি পাইছে। কৃত্ৰিম বুদ্ধিমত্তা (AI)-ভিত্তিক ডাটা চেণ্টাৰৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বিশ্বব্যাপী মেম’ৰী চিপৰ উৎপাদন ক্ষমতাৰ বৃহৎ অংশ ব্যৱহৃত হোৱাত গ্ৰাহক ইলেক্ট্ৰনিকছৰ বাবে উপলব্ধ যোগান হ্ৰাস পাইছে বুলি সংগঠনটোৱে কয়।

পংকজ মহিন্দ্ৰুৱে কয় যে এই মূল্যবৃদ্ধিৰ সৰ্বাধিক প্ৰভাৱ গ্ৰামাঞ্চলৰ পৰিয়াল, কম আয়ৰ গ্ৰাহক আৰু প্ৰথমবাৰৰ বাবে স্মাৰ্টফোন ক্ৰয় কৰিব বিচৰা লোকসকলৰ ওপৰত পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *