লতাশিলস্থিত গণেশ মন্দিৰত পূজা-অৰ্চ্চনা গৌৰৱ গগৈৰ

0
810931446_18418871869154264_145813764492790453_n

গুৱাহাটীঃ নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে আজি টিকট ঘোষণাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মহানগৰীৰ লতাশিলস্থিত গণেশ মন্দিৰত পূজা-অৰ্চ্চনা কৰা পৰিলক্ষিত হয়৷

কেইবাগৰাকী নেতাৰ সৈতে মন্দিৰত উপস্থিত হৈ ভক্তিভাৱেৰে পূজা-অৰ্চ্চনা আগবঢ়াই ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদ গ্ৰহণ কৰে গগৈয়ে৷

বিঘ্নহৰ্তা শ্ৰী গণেশে সকলোৰে জীৱনৰ বাধা-বিঘিনি দূৰ কৰি সুখ, শান্তি, সমৃদ্ধি আৰু মংগল কঢ়িয়াই অনাৰ কামনা কৰে গগৈয়ে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *