গণতন্ত্ৰত ব্যক্তিপূজা! মোদীৰ জন্মদিনত ৰেচন কার্ডৰ হিতাধিকাৰীক চাকি জ্বলোৱাৰ নিৰ্দেশ

0
Untitled

গুৱাহাটীঃ দেশত এতিয়া গণতন্ত্ৰ বৰ্তি আছে নে? নে এতিয়া দেশত ৰাজতন্ত্ৰ আৰম্ভ হৈছে৷ ক্ষমতাত থকা লোকক পূজা কৰাটোৱে এতিয়া প্ৰশাসন ব্যৱস্থাৰ কাম হৈ পৰিছে নেকি? যেন ৰাজতন্ত্ৰ পুনৰ দেশলৈ উভতি আহিছে৷ মাজুলী জিলা আয়ুক্তৰ এক নিৰ্দেশক লৈ এনে বহু কথা অৱতাৰণা হৈছে সামাজিক মাধ্যমত৷ এমএফচিএচ.২৮/২০১৯/৮৮১ নং পত্ৰ যোগে চাউল-দাইল-নিমখ পোৱা ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালে কাইলৈ গধূলি চাকি জ্বলোৱাটো বাধ্যতামূলক কৰিছে জিলা আয়ুক্তই৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনটোক ‘সেৱা সংকল্প অভিযান’ হিচাপে পালনৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰি ঘৰে ঘৰে চাকি জ্বলাবলৈ নিৰ্দেশ দিছে মাজুলি জিলাৰ আয়ুক্তই৷ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ পোৱা এক নিৰ্দেশনাত কোৱা হৈছে যে সকলো সুলভ মূল্যৰ দোকান, এলপিজি বিতৰক সংস্থা, পেট্রল পাম্প, ধানৰ মিল, সৰিয়হ তেলৰ মিল, মাজুলী বণিক সন্থাৰ সদস্য আৰু গেলামাল দোকানৰ সংশ্লিষ্ট স্বত্বাধিকাৰী-ডিলাৰসকলক জনোৱা হয় যে ‘সেৱা সংকল্প অভিযান’ উপলক্ষে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৭:০০ বজাত নিজ নিজ প্ৰতিষ্ঠানৰ চৌহদত মাটিৰ চাকি জ্বলাবলৈ অনুৰোধ জনোৱা হ’ল। কাৰ্যসূচীৰ জৰিয়তে সমৃদ্ধি, স্বচ্ছতা আৰু নাগৰিকসকলৰ খাদ্য সুৰক্ষাৰ প্ৰতীক হিচাপে এই বিশেষ উদযাপন অনুষ্ঠিত কৰা হ’ব। কাৰ্যসূচীৰ ফটো সংগ্ৰহ কৰি সংশ্লিষ্ট বিভাগীয় সামাজিক মাধ্যমত আপলোড কৰাৰ বাবে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হ’ল। সকলো ৰেচন কার্ড হিতাধিকাৰীসকলকো নিজ নিজ ঘৰ আৰু চৌহদত একে সময়তে মাটিৰ চাকি জ্বলাই এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব। এই নিৰ্দেশনা প্ৰদান কৰিছে জিলা আয়ুক্ত ৰাতুল পাঠকে৷

ইতিমধ্যে এই নিৰ্দেশৰ প্ৰতিলিপি সংশ্লিষ্ট বিভাগক প্ৰদান কৰা হৈছে৷ এই নিৰ্দেশা প্ৰকাশৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মাজুলিৰ আয়ুক্তৰ নিৰ্দেশনা প্ৰকাশৰ পিছতে দেশত আইন-আদালত নোহোৱা বুলি প্ৰশ্ন কৰিছে বিভিন্ন জনে৷ এইখন গণতান্ত্ৰিক দেশ৷ কিন্তু চাকি জ্বলোৱা ফটো পঠিয়াবলৈ কৈ খাটিখোৱা মানুহক জিলা আয়ুক্তই আওঁপকীয়াকৈ ভাবুকি দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

You may have missed