টিকট লাভৰ পাছতে আবেগিক ফেচবুক পোষ্ট শিৱামণি বৰাৰ

0
480245068_1166050685522245_7500435381060899646_n

গুৱাহাটীঃ নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দলীয় প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছতে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন বিধায়িকা শিৱামণি বৰা। ৰাষ্ট্ৰীয় নেতৃত্বই দলীয় টিকট প্ৰদান কৰাৰ পাছতে বৰাই সামাজিক মাধ্যম ফেচবুকত এটা আবেগিক পোষ্ট প্ৰকাশ কৰি নগাঁওবাসীৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছে।

ফেচবুক পোষ্টটোত শিৱামণি বৰাই কয় “প্ৰাণৰ আই-মাতৃ, শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, সহকৰ্মী তথা মৰমৰ ভাই-ভনীসকল”ক সম্বোধন কৰি কয় যে এক গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল সন্ধিক্ষণত তেওঁ ৰাইজৰ সন্মুখত থিয় হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ৯ নং নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁক আনুষ্ঠানিকভাৱে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি উল্লেখ কৰি দলৰ শীৰ্ষ নেতৃত্ব, অসম প্ৰদেশ কংগ্ৰেছ কমিটি (APCC) আৰু দলৰ প্ৰতিগৰাকী নিষ্ঠাবান সতীৰ্থ-কৰ্মীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

বৰাই কয় যে এগৰাকী খণ্ড উন্নয়ন বিষয়া (BDO) হিচাপে প্ৰশাসনিক ক্ষেত্ৰত দায়িত্ব পালন কৰাৰ সময়ত তৃণমূল পৰ্যায়ৰ ৰাইজৰ সমস্যা সমাধানৰ যি অভিজ্ঞতা অৰ্জন কৰিছিল, সেই অভিজ্ঞতাই তেওঁক জনসেৱাৰ ক্ষেত্ৰত সততা আৰু নিষ্ঠাৰে কাম কৰিবলৈ সদায় প্ৰেৰণা যোগাই আহিছে। পৰৱৰ্তী সময়ত বিধায়িকা হিচাপে ৰাইজৰ সুখ-দুখৰ অংশীদাৰ হৈ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰাৰ কথাও তেওঁ পোষ্টটোত উল্লেখ কৰে।

প্ৰাক্তন বিধায়িকাগৰাকীয়ে কয় যে প্ৰশাসনিক অনুশাসন আৰু জনপ্ৰতিনিধিৰ দায়বদ্ধতাক পাথেয় হিচাপে লৈ তেওঁ নগাঁৱৰ প্ৰতিটো অঞ্চলৰ সৰ্বাংগীণ বিকাশৰ সপোন দেখি আহিছে।

উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানক লৈ বৰাই কয় যে এই নতুন গণতান্ত্ৰিক যাত্ৰাত নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদৰ লগতে নৱপ্ৰজন্মৰ সঁহাৰিয়েই তেওঁৰ মূল শক্তি। নগাঁৱৰ সৰ্বাংগীণ উন্নয়ন, শান্তি, সংহতি আৰু জনসাধাৰণৰ ন্যায্য প্ৰাপ্যৰ বাবে সংসদত বলিষ্ঠভাৱে মাত মাতিবলৈ তেওঁ সংকল্পবদ্ধ বুলিও উল্লেখ কৰে।

তেওঁ লগতে এই যাত্ৰাত নগাঁওবাসীৰ আন্তৰিক মৰম, আশীৰ্বাদ আৰু অকুণ্ঠ সমৰ্থন কামনা কৰি সকলোকে একত্ৰিতভাৱে এখন নতুন, শক্তিশালী আৰু উন্নত নগাঁও গঢ়াৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *