ছিয়াং বৃহৎ নদীবান্ধক লৈ পুনৰ উত্তেজনা, হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ
ইটানগৰঃ অৰুণাচলত বৃহ নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ প্ৰস্তাৱিত ছিয়াং বৃহৎ নদীবান্ধক লৈ অৰুণাচল প্ৰদেশত পুনৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। সোমবাৰে প্ৰকল্পটোৰ বিৰোধিতা কৰি বৃহৎসংখ্যক গাঁওবাসীয়ে উগেং গাঁৱত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি গাঁওবাসীয়ে অৱৰোধস্থলীতে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি এক বিশেষ ধৰ্মীয় তথা পৰম্পৰাগত অনুষ্ঠান সম্পন্ন কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে প্ৰস্তাৱিত প্ৰকল্পটোৰ প্ৰতি থকা আপত্তি আৰু বিৰোধিতা প্ৰকাশ কৰে।
পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখি আইন-শৃংখলা অটুট ৰখাৰ উদ্দেশ্যে অঞ্চলটোত বৃহৎসংখ্যক আৰক্ষীৰ লোক মোতায়েন কৰা হয়। কিন্তু নিৰাপত্তা বাহিনীৰ উপস্থিতিৰ মাজতো গাঁওবাসীয়ে পৰম্পৰাগত অনুষ্ঠান অব্যাহত ৰাখে আৰু প্ৰকল্পটোৰ বিৰুদ্ধে নিজৰ স্থিতি অটুট ৰাখে।
গাঁওবাসীসকলে কয় যে তেওঁলোকৰ ভূমি, জীৱিকা আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত প্ৰভাৱ পেলাব পৰা যিকোনো উন্নয়নমূলক কাৰ্য পোনপটীয়াকৈ প্ৰভাৱিত হ’বলগীয়া স্থানীয় জনগোষ্ঠীৰ সন্মতি আৰু সক্ৰিয় অংশগ্ৰহণৰ ভিত্তিতহে গ্ৰহণ কৰা উচিত।
উল্লেখ্য যে প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পক লৈ স্থানীয় সমাজৰ একাংশৰ মাজত দীৰ্ঘদিন ধৰি বিৰোধিতা অব্যাহত আছে। প্ৰকল্পটো ৰূপায়ণ হ’লে অঞ্চলটোৰ ভূমি, স্থানীয় লোকসকলৰ জীৱিকা আৰু প্ৰাকৃতিক সম্পদৰ ওপৰত সম্ভাব্য প্ৰভাৱ পৰিব পাৰে বুলি প্ৰতিবাদকাৰীসকলে উদ্বেগ প্ৰকাশ কৰি আহিছে।
স্থানীয় ৰাইজৰ মতে, উন্নয়নৰ নামত অঞ্চলটোৰ পৰিৱেশ, প্ৰাকৃতিক সম্পদ আৰু পৰম্পৰাগত জীৱন-জীৱিকাৰ ওপৰত যাতে বিৰূপ প্ৰভাৱ নপৰে, সেই বিষয়ত চৰকাৰে সংশ্লিষ্ট জনগোষ্ঠীৰ মতামত আৰু অধিক গুৰুত্বসহকাৰে বিবেচনা কৰা উচিত।