ঈশাৰাণীক আন্তৰিক অভিনন্দন প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ
গুৱাহাটীঃ অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে ডাঙৰ খবৰ আহিছে৷ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ঈশাৰাণী বৰুৱাই৷ বেডমিণ্টন খেলুৱৈ ঈশাৰাণী বৰুৱাই ভিয়েটনাম অ’পেন ছুপাৰ ১০০ত ৰানাৰ্ছ-আপ খিতাপ অৰ্জন কৰিছে৷ ২২ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টনৰ মঞ্চত ঈশাৰাণীয়ে নিজৰ প্ৰতিভা, দৃঢ়তা আৰু অদম্য মনোবলৰ পৰিচয় দিছে।
ঈশাৰাণীক আন্তৰিক অভিনন্দন যাচিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷ তেওঁ কয় যে শক্তিশালী প্ৰতিদ্বন্দীৰ বিৰুদ্ধে ফাইনেলত প্ৰৱেশ কৰাটো তেওঁৰ ক্ৰীড়া-যাত্ৰাৰ এক উল্লেখযোগ্য কৃতিত্ব। এই সাফল্যই তেওঁক ভৱিষ্যতে আৰু অধিক বৃহৎ জয়ৰ দিশে অগ্ৰসৰ হোৱাত উৎসাহ যোগাব। আগন্তুক দিনবোৰত তুমি সফলতাৰ শিখৰ চুবলৈ সক্ষম হোৱা, তাৰেই কামনা কৰিলোঁ।