কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাক্তন বিধায়িকা শিৱামণি বৰা, বিজেপিৰ দেৱাশীষ শৰ্মাৰ সৈতে হ’ব যুঁজ
নতুন দিল্লী/নগাঁও: আসন্ন ৯ নং নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ (AICC) সভাপতি মল্লিকাৰ্জুন খাৰ্গেই তেওঁৰ প্রার্থিত্বত আনুষ্ঠানিক অনুমোদন জনায়।
এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই সিদ্ধান্ত ৰাজহুৱা কৰা হয়।
উল্লেখ্য যে, শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে (বিজেপি) এই আসনখনৰ বাবে ইতিমধ্যে নগাঁও জিলাৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাক নিজৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। প্ৰাক্তন প্ৰশাসনিক বিষয়া দেৱাশীষ শৰ্মাৰ প্ৰাৰ্থিত্ব নিশ্চিত হোৱাৰ পিছত কংগ্ৰেছেও ৰাজনৈতিকভাৱে পৰিচিত তথা সক্ৰিয় নেত্ৰী, প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক টিকট প্ৰদান কৰে।
দুয়োটা প্ৰধান দলেই প্ৰাৰ্থী চূড়ান্ত কৰাৰ লগে লগে নগাঁৱৰ উপ-নিৰ্বাচনৰ ৰাজনৈতিক সমীকৰণ অত্যন্ত আকৰ্ষণীয় আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ হৈ পৰাৰ দিশে গতি কৰিছে।