অসম স্বাধীন নহয়, কৰ্নেল পৰেশৰ সংগ ত্যাগ অনলজয়ৰ

0
ulfa

তিনিচুকীয়াঃ স্বাধীন অসমৰ দাবীত সশস্ত্ৰ বিদ্ৰোহ অব্যাহত ৰখা পৰেশ বৰুৱাই শেহতীয়াকৈ অসমৰ জ্বলন্ত সমস্যাৰ সময়ত মৌন হৈ থকাৰ অভিযোগৰ মাজতে কৰ্নেল পৰেশ বৰুৱাৰ সংগ ত্যাগ কৰি মূলসুঁতিলৈ আহিবলৈ ধৰিছে একাংশ কেডাৰ৷ নিষিদ্ধঘোষিত সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ জ্যেষ্ঠ কেডাৰ অনলজয় অসমে আজি তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

জানিব পৰা মতে, অনলজয় দীৰ্ঘদিন ধৰি ম্যানমাৰৰ য়াজং অঞ্চলত বাহৰ পাতি আছিল। অনলজয় সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ সক্ৰিয় সদস্য আছিল। আৰক্ষীৰ এগৰাকী বিষয়াই উল্লেখ কৰা মতে, সংগঠনৰ কেডাৰসকলে অস্ত্ৰ পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি অহাটো অঞ্চলটোত শান্তি আৰু স্থিৰতা প্ৰতিষ্ঠাৰ বাবে কাম কৰি থকা নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহৰ বাবে এক ইতিবাচক সংকেত।

অনলজয় অসমে আত্মসমৰ্পণ কৰাৰ পিছত তিনিচুকীয়া আৰক্ষীয়ে তেওঁক জেৰা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। জেৰাৰ জৰিয়তে সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ সৈতে সম্পৰ্ক, সংগঠনটত ভূমিকা, ম্যানমাৰত কাৰ্যকলাপ আৰু সংগঠনটোৰ অন্যান্য সদস্যসকলৰ সৈতে থকা যোগাযোগ সন্দৰ্ভত তথ্য সংগ্ৰহৰ চেষ্টা চলোৱা বুলি অনুমান কৰা হৈছে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *