ৰামানুজ গোস্বামীৰ শৰীৰত নাই বন্দুকৰ গুলী, সাৰি গ’ল চুগাৰ ডেডী
গুৱাহাটীঃ অভিযুক্তক তথাকথিত এনকাউণ্টাৰৰ যোগে শাস্তি দিয়াৰ অসম আৰক্ষীৰ পেটাৰ্ণক লৈ আদালতৰ ককৰ্থনাৰ সন্মুখীন হৈছিল অসম আৰক্ষী৷ ৰাজ্যৰ বিৰোধী দলসমূহ আৰু দল-সংগঠনে অভিযুক্তক বেআইনীভাবে তাৎক্ষণিক শাস্তি প্ৰদানৰ বিৰোধ কৰি আহিছে যদিও অসম আৰক্ষীয়ে এই পেটাৰ্ণ বন্ধ কৰা নাই৷ দেওবাৰে নিশা অসম আৰক্ষীয়ে গুৱাহাটীত তেনেই এক কাণ্ড সংঘটিত কৰিলে৷
বহু চৰ্চিত পত্নী হত্যাকাৰী ৰামানুজ গোস্বামীক এনকাউণ্টাৰ কৰি শাস্তি প্ৰদান কৰাত পুনৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পত্নী ৰিয়া তালুকদাৰক হত্যাৰ অভিযুক্ত তথা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা ৰামানুজ গোস্বামীক চিকিৎসা কৰিবলৈ নিয়াৰ সময়তে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ সোমবাৰে পুৱতি নিশা আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা ৰামানুজ গোস্বামীৰ দেহত কোনো ধৰণৰ গুলীৰ আঘাত পোৱা হোৱা নাই। এই কথা স্পষ্ট কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডা০ দেৱজিৎ চৌধুৰীয়ে।
অধীক্ষকগৰাকীয়ে কয় যে গোস্বামীৰ দেহত গুলীৰ আঘাতৰ চিন পোৱা নগ’ল। তেওঁৰ দেহত পোৱা আঘাতসমূহ ওপৰৰ পৰা পৰি যোৱাৰ ফলত হোৱা আঘাতৰ সৈতে সামঞ্জস্যপূৰ্ণ। ডা০ চৌধুৰীৰ মতে, আৰক্ষীয়ে চিকিৎসালয়ক জনোৱা অনুসৰি গোস্বামী এটা পথ দুৰ্ঘটনাত আহত হৈছিল। সোমবাৰে পুৱা প্ৰায় ৩ বাজি ৪১ মিনিটত তেওঁক চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগলৈ অনা হয়। কিন্তু চিকিৎসকে পৰীক্ষা কৰি মৃত ঘোষণা কৰে। চিকিৎসালয় কৰ্তৃপক্ষই ইচিজিসহ প্ৰয়োজনীয় আন চিকিৎসা পৰীক্ষা সম্পন্ন কৰাৰ পিছত তেওঁক মৃত ঘোষণা কৰা বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, গুৱাহাটীৰ হাতীগাঁও অঞ্চলত পত্নী ৰিয়া তালুকদাৰক হত্যাৰ অভিযোগত যোৱা ৬ ছেপ্টেম্বৰত আৰক্ষীয়ে ৰামানুজ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ মতে, সোমবাৰে পুৱতি নিশা আৰক্ষীৰ জিম্মাত থকাৰ সময়ত নৰকাসুৰ পাহাৰৰ সমীপত পৰি গৈ গুৰুতৰভাৱে আহত হোৱাৰ ফলত তেওঁৰ মৃত্যু ঘটে। আৰক্ষীৰ ভাষ্য অনুসৰি, ৰক্ত পৰীক্ষাৰ বাবে গোস্বামীক হাতীগাঁও থানাৰ পৰা কাহিলিপাৰা হৈ GMCHলৈ লৈ যোৱা হৈছিল। সেই সময়তে তেওঁ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি নৰকাসুৰ পাহাৰৰ পৰা জঁপিয়াই পৰিছিল বুলি আৰক্ষীয়ে দাবী কৰিছে।
আৰক্ষীয়ে লগতে স্পষ্ট কৰিছে যে গোস্বামীক কোনো গুলীচালনা কৰা হোৱা নাছিল আৰু পাহাৰৰ পৰা পৰাৰ ফলতেই তেওঁ গুৰুতৰ আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰে। ইফালে, গোস্বামীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ফৰেণছিক মেডিচিন বিভাগৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা০ চৌধুৰীয়ে কয় যে মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে নিশ্চিত হ’ব।
গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ এটা আৱাসিক ফ্লেটত ৰিয়া তালুকদাৰক হত্যাৰ অভিযোগত ৰামানুজ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, স্বামী-স্ত্ৰীৰ মাজত হোৱা কাজিয়াৰ পৰিণতিত ৰিয়াৰ মৃত্যু ঘটিছিল বুলি অভিযোগ উত্থাপন হৈছিল।
ৰিয়াৰ পৰিয়ালে আৰক্ষীক খবৰ দিয়াৰ পিছত বশিষ্ঠপুৰ অঞ্চলৰ অঞ্জলি গৃহৰ তৃতীয় মহলাৰ ফ্লেটটোৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তদন্তকাৰীক চুবুৰীয়াসকলে জনোৱা অনুসৰি, দম্পতীহালৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। ঘটনাৰ দিনা ফ্লেটটোৰ পৰা উচ্চস্বৰত কাজিয়াৰ শব্দ আৰু তাৰ পিছত এগৰাকী মহিলাৰ কান্দোনৰ দৰে শব্দ শুনা গৈছিল বুলিও জানিবলৈ দিয়া হৈছিল।
প্ৰায় ছয় মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা ৰামানুজ আৰু ৰিয়া উক্ত ফ্লেটটোতে একেলগে বাস কৰিছিল। ৰামানুজে উবেৰ চালক হিচাপে কাম কৰিছিল আৰু তেওঁৰ ঘৰ গৌৰীপুৰত বুলি জানিব পৰা গৈছে। কিন্তু এই ঘটনাৰ পিছতে আন এটা বিষয় চৰ্চালৈ আহিছে৷ ৰামানুজে তেওঁৰ পত্নীৰ চুগাৰ ডেডী আছিল বুলি স্বীকাৰ কৰিছিল৷ ৰামানুজৰ মৃত্যুৰ পিছতে চুগাৰ ডেডী সাৰি গ’ল বুলি প্ৰশ্ন উত্থাপন হৈছে৷