নৱেম্বৰত সম্পূৰ্ণ হ’ব নিমাতীঘাটৰ টাৰ্মিনেল
যোৰহাটঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তিনিদিনীয়া যোৰহাট ভ্ৰমণৰ মাজতে আজি পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে যোৰহাট জিলা ভ্ৰমণ কৰে৷ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে আকস্মিক যোৰহাটত উপস্থিত হৈ বিভিন্ন গুৰুত্বপূৰ্ণ পৰিবহণ প্ৰকল্প আৰু পথ সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থাৰ বুজ লয়৷
মন্ত্ৰী চৰণ বড়োৱে নিমাতীঘাটত নিৰ্মাণৰত মডুলাৰ টাৰ্মিনেল পৰিদৰ্শন কৰাৰ লগতে বিশ্ব বেংকৰ পুঁজিৰে ৰূপায়িত অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্পৰ অধীনত চলি থকা অন্যান্য কাম-কাজো পৰিদৰ্শন কৰে। এই প্ৰকল্পসমূহ পৰিবহণ বিভাগৰ অধীনস্থ অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে।
নিৰ্মাণাধীন নিমাতীঘাট মডুলাৰ টাৰ্মিনেলটো চলিত বৰ্ষৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু কামৰ অগ্ৰগতি সন্তোষজনক হোৱাৰ বাবে নিৰ্ধাৰিত সময়ৰ প্ৰায় এমাহ পূৰ্বে অৰ্থাৎ নৱেম্বৰ মাহতে প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি মন্ত্ৰী বড়োৱে জানিবলৈ দিয়ে।
মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰকল্পটোৰ কাম সুন্দৰভাৱে আগবাঢ়িছে আৰু নিৰ্মাণকাৰ্যত জড়িত কৰ্মীসকলে নৱেম্বৰ মাহতে কাম সম্পূৰ্ণ কৰাৰ আশা প্ৰকাশ কৰিছে।
ইফালে, পৰিবহণ মন্ত্ৰীগৰাকীয়ে যোৰহাটত ড্ৰাইভিং লাইচেন্স পৰীক্ষা আৰু পথ সুৰক্ষা সম্পৰ্কীয় বলৱৎ ব্যৱস্থাও পৰ্যালোচনা কৰে। বাণিজ্যিক বাহনত গতি নিয়ন্ত্ৰণকাৰী যন্ত্ৰ (Speed Limiting Device—SLD) আৰু বাহনৰ অৱস্থান অনুসৰণকাৰী যন্ত্ৰ (Vehicle Location Tracking Device—VLTD) সংস্থাপনৰ বিষয়টোতো তেওঁ গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীৰ যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ড্ৰাইভিং লাইচেন্স পৰীক্ষা প্ৰত্যক্ষ কৰাৰ কথা আছিল। পুৱা ১০ বজাত আবেদনকাৰীসকলক পৰীক্ষাৰ বাবে মাতি পঠিওৱা হৈছিল যদিও পুৱা ৯ বজাৰ পৰা জিলা উপায়ুক্তসকলৰ সন্মিলন আৰম্ভ হোৱাৰ বাবে তেওঁ সেই পৰীক্ষাত উপস্থিত থাকিব নোৱাৰিলে।
চৰণ বড়োৱে কয় যে ড্ৰাইভিং পৰীক্ষা প্ৰত্যক্ষ কৰাৰ মূল উদ্দেশ্য হৈছে অবৈধভাৱে ড্ৰাইভিং লাইচেন্স প্ৰদানৰ প্ৰথা সম্পূৰ্ণৰূপে বন্ধ কৰা। লাইচেন্স প্ৰদানৰ ক্ষেত্ৰত নিয়ম-কানুন কঠোৰভাৱে পালন কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে বুলিও তেওঁ স্পষ্ট কৰে।
বাণিজ্যিক বাহনত গতি নিয়ন্ত্ৰণকাৰী যন্ত্ৰ (SLD) সঠিকভাৱে কাৰ্যকৰী নকৰা বিষয়টোতো মন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে SLDৰ কঠোৰ ৰূপত প্ৰয়োগ পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।
একেদৰে বাণিজ্যিক বাহনত VLTD সংস্থাপনৰ ক্ষেত্ৰতো অধিক কঠোৰ নিয়ম আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰে কাম কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁৰ মতে, VLTDৰ সহায়ত চুৰি হোৱা বাণিজ্যিক বাহনৰ অৱস্থান নিৰ্ণয় কৰাৰ লগতে জৰুৰীকালীন পৰিস্থিতিতো বাহনখনৰ অৱস্থান অনুসৰণ কৰিব পৰা যাব।
বাহনত সংস্থাপিত VLTDৰ পেনিক বুটাম সক্ৰিয় কৰিলে বাহনখনৰ অৱস্থান তাৎক্ষণিকভাৱে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ হ’ব আৰু প্ৰয়োজন অনুসৰি উদ্ধাৰকাৰী দল প্ৰেৰণ কৰাত সহায় কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে বাণিজ্যিক বাহনত SLD আৰু VLTD শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে।
আনহাতে, যোৰহাটত পথ সুৰক্ষা সম্পৰ্কীয় আইন বলৱৎ কৰাৰ ক্ষেত্ৰত জিলাখনে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰা বুলি পৰিবহণ মন্ত্ৰীয়ে জানিবলৈ দিয়ে। পথ আইন উলংঘনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নৰ বাবে যোৰহাট জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ক ৩,০০০টা গোচৰৰ লক্ষ্য দিয়া হৈছিল যদিও প্ৰায় ৪,০০০টা গোচৰ পঞ্জীয়ন কৰা হৈছে বুলি তেওঁ কয়।
ইফালে, সোমবাৰে যোৰহাটত অসম জিলা উপায়ুক্ত সন্মিলনৰ দ্বিতীয় দিনৰ কাৰ্যসূচীও চলি থাকে। জিলা পৰ্যায়ৰ পৰা উন্নয়নমূলক কাম-কাজ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে চৰকাৰে নতুন পৰিকল্পনা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে কয় যে জিলা-নেতৃত্বাধীন উন্নয়ন আৰ্হিৰ নতুন দিশ নিৰ্ধাৰণৰ বাবে চৰকাৰে পৰিকল্পনা চূড়ান্ত কৰিব।